অসমীয়া ভাষা লৈ চৰ-চাপৰি বাসীৰ অৱদান

অবিভক্ত গোৱালপাৰা জিলা অধিকাংশ চৰ-চাপৰত যি সকল মুছলমান বাস কৰে সেই সকল মুছলমান ভাটিয়া বুলি পৰিচিত। অই ভাটিয়া বিহাৰ বা হিন্দী বলয়ৰ পদবী ভাটিয়া নহয়। ইহঁত অখণ্ড ভাৰত বৰ্ষৰ সিৰাজগঞ্জ, মাদাৰিগঞ্জ, ময়মনসিং, (এই ঠাইবোৰ বৰ্ত্তমান বাংলাদেশৰ অন্তৰ্গত) আদি ভাটিৰ অববাহিকাৰ পৰা অঙা ভাটিয়া। এই মানুহ সকল স্বাধীনতৰ এনেক আগতেই আহিছিল। উদাহৰণ হিচাপে মোৰ ককা দেউতা ১৯১৯ চনৰ পৰা ফলিমাৰীত নিগাজী কৈ বসতি স্থাপন কৰিছিল।

          ১৯৫৬ চনৰ আগলৈকে অসমৰ বিভিন্ন অঞ্চলৰ লগত এই বৃহৎ অঞ্চলটোত বঙলা ভাষাই প্ৰধান ভাষা আছিল। স্কুল-কলেজ, অফিচ-আদালত আদিত বঙলা ভাষাই প্ৰাধ্যন্য বিস্তাৰ কৰিছিল। কিন্তু ১৯৫৬ চনত ভাষৰ ভিত্তিত ৰাজ্যগঠন কৰাৰ বাবে States Organization Commission য়ে কেন্দ্ৰিয় চৰকাৰৰ ওচৰত এক হলফ নামা দাখিল কৰিছিল। উক্ত হলফ নামা মৰ্মে ৰাজ্য জুৰি ভাষা আন্দোলন গা কৰি উঠে। এই সময়ত বঙালী হিন্দুৰ প্ৰৰোচনাত তথা কথিত মুছলমান নেতাই বঙালী ভাষাক মাতৃভাষা কৰাৰো পক্ষে যুক্তি দৰ্শালে আৰু মেল মিটিং পাতি সাধাৰণ মানুহক আভুৱা কৰিবৰ চেষ্টা চলালে। এনেহেন চৰম মূহুৰ্ত্তত চৰ-চাপৰিৰ অশিক্ষিত, অৰ্ধ-শিক্ষিত মানুহৰ কিংকৰ্ত্তব্য বিমূঢ় হৈ পৰিল।

সেই চৰম সময়ৰ ঘটনা প্ৰবাহ মই মোৰ দেউতা ঁমুলতান আলী চাহাবৰ পৰা শুনিছিল মানুহবোৰ যেতিয়া সঠিক সিদ্ধান্তত উপনিত হব পৰা নাছিল, তেতিয়া মুচকিল আচান কৰিবৰ বাবে মছিহা ৰূপে থিয় দিছিল মৌলানা আব্দুল হামিদ ভাচানি চাহাব নামৰ এজন সমাজ সেৱক।

এখেতে ফলিমাৰীত পৰ্দাপন কৰিয়েই সকলোৰে চকুৰ মনি, কলিজা টুকুৰা হুচেন প্ৰধানী চাহাবৰ লগত মিলিত হল আৰু প্ৰধানী চাহাবৰ নেতৃত্তত পাচ জনীয়া দল এটা গঠন কৰি দিয়ে। উক্ত দলটোৰ বাকী সদস্যবোৰ ক্ৰমে ফলিমাৰীৰ আব্দুল আজিজ পাঁচপীৰৰ আব্দুল দেৱানী, বাকী দুজন সম্বৱত বাঘমাৰা আৰু ভাষানী চৰত আছিল।

যি নহওঁক এই দলটোৱে বিভিন্ন চৰ-চাপৰি ভ্ৰমন কৰি সেই ঠাইৰ মাতাৰ্ব্বৰ আদিক লগ ধৰি অসমীয়া ভাষাক মাতৃভাষাৰ মৰ্য্যদা দিবলৈ উপযুক্ত পৰামৰ্শ আগবঢ়াইছিল। তেওঁ লোকৰ বুজনি লগতে ভাষানী চাহাবৰ বাৰ্তা যি ঠাইৰ হাওৱা পানী খাই জীয়াই আছা সেই ঠাইৰ ভাষাকে মাতৃভাষা ৰূপে স্বীকৃতি দিব। মানুহে হৃদয়ত ৰেখাপাত কৰিলে।

যি কি নহওঁক অলৌকিকশক্তিৰ অধিকাৰী সূবক্তা মৌলানা ভাষানী, আনফালে সকলোৰে কলিজাৰ টুকুৰা প্ৰধানী চাহাব কথা শিৰোধাৰ্য্যকাৰি চৰূৱা মানুহবোৰ অসমীয়া ভাষাকে মাতৃভাষা কৰাৰ সপক্ষে ৰায় দিলে। ১৯৬০ চনত আয়োগৰ চুপকিছ মৰ্মে অসমীয়া ভাষাটোক মাতৃভাষা ৰূপে মানি লৈ শ্ৰদ্ধাৰে সেৱা কৰি আহিছে।

চিৰ চেনেহী মোৰ ভাষা জননীৰ অৰ্থ চৰুৱাই বুজি পাইছিল কিন্তু কাছাৰ, কৰিমগঞ্জ আদিৰ বুদ্ধিজীৱি সকলে বুজিব পৰা নাছিল।

চৰুৱা সকলৰ এই মহান অৱদান পদাঘাত কৰি যেতিয়া সংকৃৰ্ণ মনা বিবেদকামী নৰাদমে আমাক ইতিকিং কৰি। কয় ভাইট্টা ভাই কহানে যাওঁ, বাংলাদেশ হৈতে কহন আইছো, ইত্যাদি ইত্যাদি...। মোৰ কথা আমাক ভাটিয়া কয় কওক,